Himanta Biswa Sarma Birthday

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন। ৫৪ বছৰত ভৰি দিলে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। নিশাই মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হয় শ শ অনুৰাগী। গামোচা, ফুল, উপহাৰৰ টোপোলা, কেক আৰু শুভকামনাৰে মুখ্যমন্ত্ৰীক ওপচাই পেলায় অনুৰাগীয়ে। নিশাই অনুৰাগীৰ সৈতে কেক কাটিলে মুখ্যমন্ত্ৰীয়ে।

বিগত বৰ্ষৰ দৰেই জন্মদিনৰ দিনা পুৱা উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰত উপস্থিত হৈ নেদেখাজনৰ আশীষ ল’লে মুখ্যমন্ত্ৰীয়ে।