মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জন্মদিনৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী মোদীৰ লগতে এইসকল নেতায়ো

Himanta Birthday

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন। ৫৪ বছৰত ভৰি দিলে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। নিশাই মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হয় শ শ অনুৰাগী। গামোচা, ফুল, উপহাৰৰ টোপোলা, কেক আৰু শুভকামনাৰে মুখ্যমন্ত্ৰীক ওপচাই পেলায় অনুৰাগীয়ে। নিশাই অনুৰাগীৰ সৈতে কেক কাটিলে মুখ্যমন্ত্ৰীয়ে।

বিগত বৰ্ষৰ দৰেই জন্মদিনৰ দিনা পুৱা উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰত উপস্থিত হৈ নেদেখাজনৰ আশীষ ল’লে মুখ্যমন্ত্ৰীয়ে।

Himu mama

আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিনত শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। টুইটাৰযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ওপজা দিনৰ ওলগ জনালে প্ৰধানমন্ত্ৰী মোদীয়ে।

প্ৰধানমন্ত্ৰী মোদীৰ লগতে আন বহু ৰাষ্ট্ৰীয় নেতাৰ উপৰি বহুকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও হিমন্ত বিশ্ব শৰ্মালৈ জনাছে জন্মদিনৰ শুভকামনা। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফু ৰিঅ’, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱেও হিমন্ত বিশ্ব শৰ্মাক জনাইছে জন্মদিনৰ শুভেচ্ছা।

Heartiest birthday greetings to Hon'ble Chief Minister of Assam Shri @himantabiswa Da.

Happy Birthday, Shri Himanta Biswa Sarma @himantabiswa Honourable Chief Minister of Assam. May the Almighty bless you abundantly with happiness, good health and long life.

 

 

আনহাতে, ১৯৭৬ চনতে শিক্ষা গ্ৰহণ কৰি অহা গান্ধীবস্তিস্থিত গান্ধী নগৰ মজলীয়া বিদ্যালয়ত মুখ্যমন্ত্ৰীৰ আগমন উপলক্ষে আয়োজন কৰা হয় বিশেষ অনুষ্ঠান। বিদ্যালয়ত উপস্থিত হৈ কেক কাটি জন্মদিন উদযাপন মুখ্যমন্ত্ৰীৰ। এৰি অহা শৈশৱৰ ধেমালিবোৰ সুঁৱৰি নষ্টালজিক হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী।

Himanta Selfie

Category
Profile picture for user UB Photos