কাইলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন: ৰঙীণ লাইটেৰে সজোৱা হৈছে জালুকবাৰী সমষ্টি

Himanta Biswa Sarma

কাইলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৫৩ সংখ্যক জন্মদিন। মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে মুখ্যমন্ত্ৰীৰ সমষ্টিটোৰ ৰাইজে বিভিন্ন কাৰ্যসূচী হাতত লৈছে। ইতিমধ্যে বিভিন্ন ৰঙীণ লাইট,বেনাৰ-পোষ্টাৰৰে সজোৱা হৈছে জালুকবাৰী সমষ্টি। জালুকবাৰী সমষ্টিৰ ৰাইজে তিনিদিনীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন পালন কৰিব।

মুখ্যমন্ত্ৰীৰ জন্মদিনৰ লগত সংগতি ৰাখি চাফাই অভিযান,বৃক্ষৰোপন কাৰ্যসূচীৰ হাতত লৈছে। দেওবাৰে অঞ্চলটোৰ যুৱক-যুৱতীয়ে তেওঁলোকৰ প্ৰিয় নেতাগৰাকীৰ চিত্ৰ অংকন কৰে। জন্মদিনৰ সৈতে সংগতি ৰাখি ১ফেব্ৰুৱাৰীত পাণ্ডুত বিশেষভাৱে সক্ষমসকলৰ মাজৰ হুইল চেয়াৰ বিতৰণৰ কৰা হ'ব।

আনহাতে,আৰ্থিক ভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰী সকলক আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠান আয়োজন কৰা হৈছে। সন্ধিয়া মুখ্যমন্ত্ৰীগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে ৰেষ্টকেম্প কালিবাৰীত যজ্ঞৰ আয়োজন কৰা হৈছে।

যজ্ঞত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব।আনহাতে,আদাবাৰী তিনিআলিস্থিত অটল উদ্যানত মুখ্যমন্ত্ৰীৰ জন্মদিনৰ কাৰ্যসূচী সামৰণি পৰিব। অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ লগত মত বিনিময় কৰিব।

Category
Profile picture for user UB Photos