অহা ১৭ এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা ১৯ এপ্ৰিলৰ বিয়লি ৫ বজালৈ ড্ৰাই ডে' ঘোষণা........

dry day

লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অহা ১৭ এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা ১৯ এপ্ৰিলৰ বিয়লি ৫ বজালৈ ড্ৰাই ডে' ঘোষণা কৰাৰ লগতে অহা ৬ জুনৰ দিনাও জিলাত ড্ৰাই ডে' ঘোষণা কৰিছে।লখিমপুৰ জিলাত ভোট গ্ৰহণ আৰু ভোট গণনাৰ প্ৰতি লক্ষ্য ৰাখি এই ড্ৰাই ডে' ঘোষণা কৰে।

আনহাতে, ভোট গ্ৰহণ আৰু ভোট গণনাৰ দিনা কাৰ্যকৰী হোৱাকৈ জাৰি কৰা এই নিৰ্দেশনা উলংঘাকাৰীৰ বিৰুদ্ধে আবকাৰী আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকীয়াই দিয়া হৈছে। লখিমপুৰ জিলাৰ জিলা আয়ুক্ত গায়ত্ৰী দেৱী দাস হাৰলিঙ্গে জিলা প্ৰশাসনৰ আবকাৰী শাখাৰ পৰা এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে।

উল্লেখ্য যে, লখিমপুৰ জিলাত সকলো ধৰণৰ দেশী আৰু বিদেশী সুৰা, নিচাযুক্ত সামগ্ৰীৰ বিক্ৰী ও সৰবৰাহ নিষিদ্ধ ঘোষণা কৰা হৈছে। জিলা আয়ুক্ত গায়ত্ৰী দেৱী দাস হাৰলিঙ্গে শনিবাৰে EXCI/13/24/EXCISE /LKPR/88 নম্বৰৰ এক নিৰ্দেশনা অনুসৰি সমগ্ৰ লখিমপুৰ জিলাত কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰিছে ।

নিৰ্দেশনাটোত জিলা আয়ুক্তগৰাকীয়ে সমাগত লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ১২নং লখিমপুৰ সমষ্টিৰ অন্তৰ্গত লখিমপুৰ জিলাখনত সকলো ধৰণৰ নিচাযুক্ত সামগ্ৰী দেশী-বিদেশী সুৰা আৰু ব্যৱসায়িকভাৱে প্ৰস্তুত কৰা নিচাযুক্ত সুৰাৰ বিক্ৰী,সৰবৰাহ, বিতৰণ আৰু সেৱন সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰিছে।

লগতে, জিলাখনৰ সকলো হোটেল, ধাবা, অন্য বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান, ব্যক্তিগত আৰু ৰাজহুৱা স্থানত সকলো ধৰণৰ নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন বিক্ৰী, সেৱন আৰু পান সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰিছে। 

Category
Profile picture for user UB Photos