LPG price hike

ৰাজ্যত পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ দাম। এইবাৰ ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহে বৃদ্ধি কৰিলে চিলিণ্ডাৰৰ দাম। ১৯ কিলোগ্ৰামৰ বাণিজ্যিক চিলিণ্ডাৰত ২১ টকাকৈ বৃদ্ধি কৰা হৈছে। অৱশ্যে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দামৰ কোনো সালসলনি কৰা হোৱা নাই।

উল্লেখ্য যে, এই দাম বৃদ্ধিৰ ফলত ১৯ কিলোগ্ৰামৰ প্ৰতিটো চিলিণ্ডাৰৰ দাম দিল্লীত ১৭৯৬.৫ টকা হৈছে। পূৰ্বে ইয়াৰ দাম আছিল ১৭৪৯ টকা। চেন্নাইত প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ’লগৈ ১৯৬৮.৬ টকা আৰু কলকাতাত ইয়াৰ দাম হৈছে ১৯০৮ টকা।