জনতালৈ দেৱালীৰ উপহাৰ: এলপিজিৰ মূল্য ২৬৬ টকা বৃদ্ধি!

Diwali Gift: Price of LPG hiked by Rs 266!

দেৱালী আৰু ধনতেৰাছৰ আগতে সোমবাৰে এলপিজি গেছৰ মূল্য প্ৰতি চিলিণ্ডাৰত ২৬৫ টকাকৈ বৃদ্ধি।

দিল্লীত বাণিজ্যিক এলপিজি গেছৰ মূল্য প্ৰতি চিলিণ্ডাৰত ২০০০.৫০ টকা, মুম্বাইৰ মূল্য ১৯৫০ টকা, কলকাতাৰ মূল্য ২০৭৩.৫০ টকা আৰু চেন্নাইৰ মূল্য ২১৩৩ টকা।

ইফালে, ঘৰুৱা এলপিজি গেছ চিলিণ্ডাৰৰ মূল্য সংশোধন কৰা হোৱা নাই, এই ক্ষেত্ৰত ঘৰুৱা গ্ৰাহকসকলৰ বাবে এক সকাহ।

দিল্লী আৰু মুম্বাইত ১৪.২ কিলোগ্ৰাম ঘৰুৱা ৰাজসাহায্যবিহীন ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য ৮৯৯.৫০ টকা, কলকাতাত ৯২৬ টকা, অসমত ৯৪৮.৫০ টকা আৰু চেন্নাইত ৯১৫.৫০ টকা।

আন্তৰ্জাতিক ইন্ধনৰ মূল্য বৃদ্ধিৰ প্ৰতিক্ৰিয়াস্বৰূপে, ৬ অক্টোবৰত ৰন্ধন এলপিজি গেছৰ মূল্য প্ৰতি চিলিণ্ডাৰত ১৫ টকা বৃদ্ধি কৰা হৈছিল।

আনহাতে, ৰাজসাহায্যপ্ৰাপ্ত আৰু ৰাজসাহায্যবিহীন দুয়োধৰণৰ এলপিজি হাৰ বৃদ্ধি কৰা হৈছিল।

Category
Profile picture for user UB Photos