T20 World Cup

জুন মাহত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ। তাৰ আগতে প্ৰাক্তন ক্ৰিকেটাৰ সকলে টিম ইণ্ডিয়া সন্দৰ্ভত নিজৰ মতামত দিছে। শেহতীয়াকৈ শিৱম ডুবেই আফগানিস্তানৰ বিৰুদ্ধে টি-২০ শৃংখলাত উজ্জ্বল প্ৰদৰ্শন কৰি টি-২০ বিশ্বকাপ দলৰ বাবে নিজৰ দক্ষতাৰ পৰিচয় দাঙি ধৰিছে। এনে পৰিস্থিতিত টি-২০ বিশ্বকাপত ভাৰতীয় দলত দুই অল-ৰাউণ্ডাৰ হাৰ্দিক আৰু ডুবেৰ মাজত কোনে স্থান লাভ কৰিব তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।