পেট্ৰল পাম্পত তেলৰ পৰিৱৰ্তে ওলাল পানী। কিছু দূৰ যোৱাৰ পিছত বন্ধ হৈ যায় সেই পাম্পত তেল ভৰোৱা বাহনসমূহ। এই ঘটনা সংঘটিত হৈছে খটখটিৰ লাহৰিজানত। লাহৰিজানৰ NAYARA নামৰ পেট্ৰল পাম্পত ওলাইছে পেট্ৰলৰ সলনি পানী। ঘটনাক কেন্দ্ৰ কৰি পেট্ৰল পাম্পটোত গ্ৰাহকসকলে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতি।
শীঘ্ৰে পেট্ৰল পাম্পটো ছিল কৰিবলৈ দাবী দল সংগঠনৰ লগতে ভুক্তভোগী লোকসকলৰ। ঘটনা সন্দৰ্ভত খটখটি আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বিহীত পদক্ষেপ লোৱাৰ আশ্বাস আৰক্ষীৰ। অৱশেষত পেট্ৰল পাম্পৰ মালিকে ইঞ্জিন বিকল হোৱা বাহনসমূহ মেৰামতি কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে।