বোকাজানত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট…

Bokajan Protest

চাহ জনগোষ্ঠীয় লোকসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে বোকাজানত প্ৰতিবাদ। বোকাজান মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে চাহ জনগোষ্ঠীয় লোকসকলে।

  • কাৰ্বি আংলং জিলাত বসবাস কৰা চাহ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া সমস্যা শীঘ্ৰে সমাধান কৰা
  • চাহ বাগিচাসমূহত একোখনকৈ প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা কৰা
  • শ্ৰমিকসকলৰ ভৱিষ্যত নিধিৰ টকা আদায় কৰা
  • লাহৰিজান বাগানত চলি থকা ভূমি বিবাদ নিষ্পত্তিকৰণ কৰা
  • শিক্ষিত যুৱক-যুৱতীসকলক সংস্থাপন দিয়া লগতে জনগোষ্ঠীটোৰ কলা সংস্কৃতি বিকাশ

চাহ বাগিচাসমূহত অনাময় আঁচনিৰ ৰূপায়ন আদিৰ দাবীত আজিৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। কাৰ্বি আংলঙত বসবাস কৰা আদিবাসী লোকসকলক কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ তথা অসম চৰকাৰে হেমাহিৰ চকুৰে চোৱা বুলি অভিযোগ উত্থাপন কৰাৰ লগতে উক্ত দাবীসমূহ মানি নল’লে ৰাইজৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে চাহ জনগোষ্ঠীয় লোকসকলে। সংগঠনটোৱে মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। 

Category
Profile picture for user UB Photos