ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান! ডাম্পাৰৰ টেংকিত উদ্ধাৰ ৬০ পেকেট ড্ৰাগছ

Drugs

ৰাজ্যত অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান। এইবাৰ বোকাজানত ড্ৰাগছ বিৰোধী অভিযান  অসম আৰক্ষীৰ।

বোকাজানৰ ফুলবাৰীত বাবা হাজৰিকাৰ বাসগৃহত ড্ৰাগছৰ বিৰুদ্ধে অভিযান। ডাম্পাৰৰ টেংকিত উদ্ধাৰ কৰে ৬০ পেকেট ড্ৰাগছ।

আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছখিনি প্ৰায় ৮০০ গ্ৰাম ওজনৰ। ড্ৰাগছখিনিৰ বৰ্তমান বজাৰ মূল্য ৫ কোটিৰো অধিক।

ড্ৰাগছৰ লগতে আৰক্ষীয়ে জব্দ তিনিখনকৈ বিলাসী বাহন, এখন ডাম্পাৰ আৰু উদ্ধাৰ কৰে হৰিণৰ লাওখোলা, কাছৰ চলং, হাতীৰ ভৰিৰ হাড় ইত্য়াদি সামগ্ৰী।

উল্লেখ্য় যে, দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই অহাৰ অভিযোগ আছিল অভিযুক্ত বাবা হাজৰিকাৰ।

বৰ্তমানেও অব্যাহত আছে আৰক্ষীৰ জেৰা।

Category
Profile picture for user UB Photos