ইংৰাজী নৱবৰ্ষৰ আনন্দ উল্লাসৰ মাজতে আহিছে কেইবাটাও বেয়া খবৰ।
বছৰৰ প্ৰথমটো দিনতে উত্তৰ গুৱাহাটীত সংঘটিত হৈছে মৰ্মান্তিক দুৰ্ঘটনা ।
নৱবৰ্ষৰ নিশা উত্তৰ গুৱাহাটী মধ্যমখণ্ডত সংঘটিত ভয়াবহ পথ দুৰ্ঘটনাত নিহত দুজনকৈ লোক
ইফালে,গুৰুতৰভাৱে আহত এজন চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে ।
নিহত যুৱকদুজন ক্ৰমে ওদালগুৰিৰ হিমাংশু নাথ আৰু কামৰূপ জিলাৰ জয়গুৰুৰ সুৰজ প্ৰধান বুলি জানিব পৰা গৈছে ।
নিশা মৃণালিনী দেৱী শিশু নিকেতনৰ সন্মুখত সংঘটিত হৈছিল দুৰ্ঘটনাটো ।