UB News

এক হৃদয়বিদাৰক ঘটনা । পোহৰলৈ আহিছে জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট মানসিকতাৰ প্ৰতিফল।

নগাঁৱত নৱজাতকৰ মৃতদেহ উদ্ধাৰ ।

নগাঁও চহৰৰ খাগৰিজান দলঙৰ তলত মোনাত উদ্ধাৰ নৱজাতকৰ মৃতদেহটো। 

এই ঘটনা পোহৰলৈ অহাৰ লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ।

বৰ্তমানলৈ নৱজাতকৰ মৃতদেহটো কোনে কি কাৰণত পেলাই থৈ গ’ল, সেয়া স্পষ্ট হোৱা নাই যদিও কোনো পাষান পিতৃ মাতৃয়ে এই নৃশংস ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।