বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিঞাৰ দেহাৱসান। দীৰ্ঘদিন অসুস্থতাৰ সৈতে যুঁজি আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে

 Khaleda Zia Passes Away


বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিঞাৰ দেহাৱসান। ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে।

দীৰ্ঘদিনে অসুস্থ হৈ আছিল খালেদা জিঞা আৰু মঙলবাৰে পুৱা ৬ বজাত ঢাকা এভাৰকেয়াৰ হাস্পতালত মৃত্যু হয়। মঙলবাৰে তেওঁৰ দল বাংলাদেশ নেচনেলিষ্ট পাৰ্টিয়ে এই খবৰ নিশ্চিত কৰে।

চিকিৎসকৰ দলে জানিবলৈ দিয়া অনুসৰি, লিভাৰ চিৰ’ছিছ ৰোগত আক্ৰান্ত আছিল ৮০ বছৰীয়া খালেদা জিয়া। লগতে শেহতীয়াকৈ বাতবিষ আৰু ডায়েবেটিছ ৰোগতো ভুগিছিল নেত্ৰীগৰাকী।

উল্লেখযোগ্য যে, খালেদা জিয়াই দুবাৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, প্ৰথমে ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ আৰু দ্বিতীয়তে ২০০১ চনৰ পৰা ২০০৬ চনলৈকে। তেওঁৰ ডাঙৰ পুত্ৰ বিএনপিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তাৰিক ৰহমানে ২০০৮ চনৰ পৰা লণ্ডনত বাস কৰিছিল আৰু এই মাহতে বাংলাদেশলৈ উভতি আহিছিল।

খালেদা জিয়াই ১৯৮৪ চনত বিএনপি দলটোৰ দায়িত্ব লৈছিল। ১৯৯১ চনত প্ৰথম গণতান্ত্ৰিক নিৰ্বাচনত জয়ী হৈ বাংলাদেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হৈছিল খালেদা জিয়া।বাংলাদেশৰ জাতীয়তাবাদী পাৰ্টিৰো অধ্যক্ষ আছিল খালেদা জিঞা। বাংলাদেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমানৰ পত্নী আছিল খালিদা জিঞা।


 

Category