আপুনি বাৰু জানেনে! পাকঘৰৰ বেছিভাগ বয়-বস্তুৱেই "চ" বৰ্ণটোৰে আৰম্ভ......

kitchen

ঘৰৰ গৃহিনী সকল অনবৰতে পাকঘৰতোতে ব্যস্ত হৈ থাকে, তথাপি জানো এই কথা কেতিয়াবা লক্ষ্য কৰা হৈছে! আপুনিও সেই কথা জানি আচৰিত হ'ব যে, পাকঘৰৰ বেছিভাগ বয়-বস্তুৱেই চ বৰ্ণটোৰে আৰম্ভ হয়। খাদ্য প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰি বাচন-বৰ্তন চাফা কৰা লৈ অনবৰতে চ বৰ্ণটোৱে লগ নেৰে গৃহিনীসকলক।

গতিকে, জানো আহক - 

পাকঘৰৰ বেছিভাগ বয়-বস্তুৱেই চ বৰ্ণটোৰে আৰম্ভ হোৱা সেইসমূহ বস্তুৰ বিষয়ে -

পাকঘৰত ব্যৱহাৰ কৰা -

চৌকা/ চুলা, চিলিণ্ডাৰ, চাউল, চৰু, চচপেন, চেপেনা বা চিমতা (খৰিৰ জুহালৰ), চুঙা (খৰি জুই ফুৱাবলৈ ব্যৱহৃত), চাং (ধোঁৱাচাং), চাকি, চুপি (তেল বাকিবলৈ ব্যৱহৃত), চাহ, চাহপাত, চেনি, চামোচ, চাকনি, চলাই, চুজি, চিৰা, চয়াবিন, চচ (বিলাহী বা জলকীয়াৰ), চানা, চেৱৈ, চাটনি, চালগোম, চালকোমোৰা, চজিনা, চুকাশাক, চিৰতা তিতা, চাটুগুৰি, চব্‌জি (আঞ্জাৰ আধুনিক কথিত ৰূপ), চালাদ।

আহাৰৰ পিছত খোৱা -

চফগুটি, চুপাৰি, চাধা/চুখা, চোন, চেলেউ (বিড়ি বা পেপৰ), চুৰত।

খাই উঠি হাত ধুবলৈ -

চাবোন। 

ভাতৰ পাতত চুলি, ইত্যাদি।
 

Category
Profile picture for user UB Photos