বিষ্ণুনাথৰ ভোলাকাটা বিলত বনৰীয়া চৰাই চিকাৰৰ বাবে অহা ৫ জন চিকাৰীক গ্ৰেপ্তাৰ
বিশ্বনাথ জিলাৰ ভোলাকাটা বিলত চৰাই চিকাৰৰ বাবে অহা ৫ জন চিকাৰীক আটক কৰে বন বিভাগে ।ভোলাকাটা বিলত বনৰীয়া চৰাই ধৰিবলৈ জাল পতাৰ খবৰৰ ভিত্তিত বিশ্বনাথ ঘাটৰ কেন্দ্ৰীয় ৰেঞ্জৰ ৰেঞ্জ বন বিষয়া আৰু বিশ্বনাথৰ অপৰাধ অনুসন্ধান ৰেঞ্জৰ বন বিষয়াৰ নেতৃত্বত যোৱা এটা দলে ঘটনাস্থলীত ৫ জন ব্যক্তিক হাতে-লোটে আটক কৰে ।