হাস্পতালৰ ICUত ভয়ংকৰ অগ্নিকাণ্ড! ১০ গৰাকী ৰোগীৰ কৰুণ মৃত্যু

Odisha Hospital

ওড়িশাৰ কটকৰ হাস্পতালত মৰ্মান্তিক ঘটনা সোমবাৰে পুৱতিনিশা এমচিবি মেডিকেল কলেজ হাস্পতালৰ ট্ৰমা কেয়াৰ ICUত ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডৰ ফলত শ্বাস -প্ৰশ্বাসজনিত সমস্যত পৰি ১০ অসহায় ৰোগীৰ কৰুণ মৃত্যু

জানিব পৰা মতে, নিশা আঢ়ৈ বজাৰ পৰা তিনি বজাৰ ভিতৰত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। লগে লগে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয়। ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি আৰু স্বাস্থ্যমন্ত্ৰী মুকেশ মহালিং। আহত ৰোগী আৰু হাস্পতাল কৰ্মীসকলৰ চিকিৎসাৰো বুজ লয় 

ঘটনা সন্দৰ্ভত ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে কয় যে, ৰোগীসকলক বচাবলৈ গৈ কেইবাজনো হাস্পতাল কৰ্মী আহত হৈছে। ৫জন ৰোগীৰ অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে।

ওড়িশাৰ মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক জনায় যে, ‘‘২৩জন ৰোগীক আন আন বিভাগলৈ ট্ৰান্সফাৰ কৰা হৈছে। আন বিভাগলৈ স্থানান্তৰ কৰাৰ সময়ত ৭জন ৰোগীৰ মৃত্যু হয়। পিছত আন তিনিজনৰ মৃত্যু হয়। অসুস্থসকলক উন্নত চিকিৎসাৰ নিৰ্দেশ দিয়া হৈছে।’’

মৃতসকলৰ পৰিয়াললৈ ২৫ লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰিছে ওড়িশা চৰকাৰৰ ফালৰ পৰা। ঘটনাৰ এক ন্যায়িক তদন্তৰো নিৰ্দেশ দিয়া হৈছে।
 

Category