চোৰ-ডকাইতৰ নতুন কৌশল

Guwahati News

চোৰ-ডকাইতৰ নতুন কৌশল।

চোৰ-ডকাইতে লুট কৰা সোণৰ গহনা জুৱেলেৰী অথবা ডেমত বিক্ৰী নকৰে।

লুট কৰা সোণৰ গহনা বিক্ৰী কৰে ব্যক্তিগত ফাইনেন্স কোম্পানীত।

ব্যক্তিগত ফাইনেন্স কোম্পানীত সোণৰ গহনা বন্ধকত থৈ ঋণ লৈ চোৰ-ডকাইতে।

মহানগৰীৰ সাতগাওঁ আৰক্ষীৰ তদন্তত তথ্য পোহৰলৈ আহিছে এই 

উল্লেখ্য যে, যোৱা ২৬ ফেব্ৰুৱাৰীত মহানগৰীৰ মঠঘৰীয়াৰ গাড়ী ব্যৱসায়ী আলী নামৰ ব্যৱসায়ী এজনক এটা দুৰ্বৃত্তৰ দলে অপহৰণ কৰি সাতগাবলৈ নি প্ৰহাৰ কৰি নগদ ৪৫ হাজাৰ টকা আৰু ২.১৬ লাখ টকাৰ মূল্যৰ সোণৰ চেইন লুট কৰি নিছিল। এই সন্দৰ্ভত ভুক্তভোগী মহিদুল আলীয়ে দাখিল কৰে।এজাহাৰ 

এজাহাৰৰ ভিত্তিত সাতগাও আৰক্ষীয়ে অপহৰণ আৰু ডকাইতিৰ ঘটনাত জড়িত মূল মাষ্টাৰ মাইণ্ডসহ তিনিজনক গ্ৰেপ্তাৰ কৰে।।ধৃত ডকাইত তিনিটা মূল মাষ্টাৰ মাইণ্ড হাইদৰ আলী, বিশাল বিশ্বাস আৰু চাহিল আলী। 

অৱশ্যে এতিয়াও তিনি ডকাইত পলাতক হৈ আছে।।

আৰক্ষীৰ জেৰাত ধৃত তিনি ডাকাইতে লুট কৰা সোণৰ চেইন নাৰেংগীৰ মথুট ফাইনেন্সত বন্ধকত থৈ ডেৰ লাখ টকা ঋণ লোৱা বুলি স্বীকাৰুক্তি দিয়ে।

এই তথ্য লাভ কৰাৰ পিছত সাতগাওঁ আৰক্ষীয়ে তিনি অভিযুক্তক লগত লৈ নাৰেংগীৰ মথুট ফাইনেন্সৰ কাৰ্যালয়ত উপস্থিত হৈ সোণৰ চেইন ঘূৰাই দিবলৈ মথুট ফাইনেন্সৰ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। 

মথুট ফাইনেন্সৰ কৰ্তৃপক্ষকই ১০ দিনৰ ভিতৰত সোণৰ চেইন ডাল সাতগাওঁ আৰক্ষীৰ হাতত আনুষ্ঠানিক ভাৱে গতাই দিব বুলি প্ৰতিশ্ৰুতি দিয়ে।


ইপিনে, ভুক্তভোগী মহিদুল আলীয়ে তেওঁৰ সোণৰ চেইন আৰু নগদ ৪৫ হাজাৰ টকা ঘূৰাই দিবলৈ আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে।

Category