UB News

দেশৰ অৰ্থনৈতিক বিপ্লৱৰ এগৰাকী অগ্ৰণী নেতা, বিশ্ববিশ্ৰুত অৰ্থনীতিবিদ, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ আজি মৃত্যুবাৰ্ষিকী।

২০২৪ চনৰ ২৬ ডিচেম্বৰৰ আজিৰ দিনটোতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ দেহাৱসান ঘটিছিল।

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সামাজিক মাধ্যমত পোষ্ট কৰে

মুখ্যমন্ত্ৰীগৰাকীয়ে পোষ্টটোত লিখে- দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙক তেখেতৰ প্ৰথম পুণ্যতিথিত গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছো। তেখেতৰ অনবদ্য অৱদান সদায় স্মৰণীয় হৈ থাকিব।