Capital Of India

শনিবাৰে ৰাতিপুৱা ৰাষ্ট্ৰীয় ৰাজধানী চহৰত ধাৰাসাৰ বৰষুণ হোৱাৰ পিছত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আংশিকভাৱে ডুব যোৱা, পানী জমা হোৱা, যান-বাহনৰ সমস্যাৰ ভিডিঅ' ছচিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰিছে।

দিল্লীত হোৱা অত্য়াধিক বৰষুণৰ ফলত পথত পানী জমা হোৱা বুলি জানিব পৰা গৈছে। মতি বাগ, আৰ কে পুৰম, যোৰবাগ আৰু মধু বিহাৰৰ দৰে অঞ্চলত বাছবোৰ আৱদ্ধ হৈ থকাৰ বাবে যান-বাহনৰ সমস্যা দেখা গৈছে। ঘণ্টাজোৰা বৰষুণৰ বাবে ৰাস্তাবোৰ পানীৰে ভৰি পৰে।