Weather Report

প্ৰচণ্ড শীতৰ মাজতে বৰষুণৰ আকংশা। অহা ৩ ৰ পৰা ৪ দিনৰ ভিতৰত অসমত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে। গুৱাহাটী বৰাঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত এক জাননী জাৰি কৰিছে।

উল্লেখ্য যে, আগন্তুক তিনি, চাৰি দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ হোৱাৰ লগতে বিজুলী, ঢেৰেকনি আৰু ব্ৰজপাতৰ আশংকা কৰা হৈছে। ইতিমধ্যেই আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ মুঠ ১০ খন জিলাত হালধীয়া সতৰ্কতা জাৰি কৰিছে।

সেই ১০ খন জিলা ক্ৰমে মৰিগাওঁ, নগাওঁ, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, হোজাই, ধেমাজি, চৰাইদেউ, তিনিচুকীয়া, ডিমা হাচাও আৰু ডিব্ৰুগড়।