Barpeta

বৰপেটা সত্ৰত দেওবাৰৰ পৰা সত্ৰীয়া ৰীতি আৰু পৰম্পৰাৰে চাৰিদিনীয়াকৈ অনুষ্ঠিত "দেউল মহোৎসৱ"ৰ আজি অন্তিম দিন ৷ আজি বৰপেটা সত্ৰত পালন কৰা হৈছে সুঁৱেৰী উৎসৱ ৷ ৰঙে ৰঙে একাকাৰ হৈ পৰিছে সত্ৰনগৰী বৰপেটা ৷ সত্ৰীয়া পৰম্পৰা অনুসৰি গোসাই দৌলগৃহত আৰোহন কৰি থকা সময়ত ভক্তসকলে  ফাকু খেলিব নোৱাৰে৷ দৌলগৃহত থকা গোসাইক ফাকুগুৰি ছটিয়াই সেৱা জনায় ভক্তসকলে ৷ দেওবাৰে গোন্ধ যাত্ৰাৰ নিশা দৌলত আৰোহন কৰা দৌলগোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাইক নক্ষত্ৰ গণনা অনুসৰি দুয়োজনা গোসাঁইক দৌলগৃহৰ পৰা যথাৰীতি নমাই আনি কীৰ্তনঘৰৰ ঘাই দুৱাৰৰ কাষৰ কাঠিত বৰশৰাইত ৰখা হৈছে ৷ ইপিনে সুৱেৰী উপলক্ষে হোলীগীতৰ সুৰ আৰু আবিৰৰ ৰঙত ডুব গ