হাউলীত উদ্ধাৰ হস্ত নিৰ্মিত পিষ্টল, আৰক্ষীয়ে আটক কৰিলে এজনক

পিষ্টল

বৰপেটাৰ হাউলীত হস্ত নিৰ্মিত পিষ্টল উদ্ধাৰ।

হাউলীৰ মিনি চিমলা গাঁৱৰ পৰা আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে হস্ত নিৰ্মিত পিষ্টলটো। আৰক্ষীয়ে পিষ্টলৰ লগতে আটক কৰিছে বিল্লাল হুছেইন নামৰ এজন যুৱকক ৷

হাউলীস্থিত CRPF দশম বেটেলিয়ানৰ সহযোগত হাউলী আৰক্ষীয়ে চলাইছিল এই অভিযান । অভিযানত যুৱকগৰাকীৰ নিজ বাসগৃহৰ পৰাই আৰক্ষীয়ে জব্দ কৰে হস্ত নিৰ্মিত পিষ্টলটো। নিশা ১ বজাত চলিছিল এই অভিযান ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

Category
Profile picture for user UB Photos