Court

‘আদালতত হাজিৰা দিলেহি বন্যহস্তীয়ে!’লোহাৰ গেট ভাঙি আদালত চৌহদত প্ৰৱেশ গজৰাজৰ। হাহাকাৰ পৰিস্থিতি আদালত চৌহদত। হাতীয়ে খেদিব নে গোচৰৰ শুনানি ল’ব?

বন বিভাগৰ লোকৰো ঘাম বাহিৰ কৰিলে গজৰাজে। এই আচৰিত ঘটনাটো ঘটিল উত্তৰাখণ্ডৰ হৰিদ্বাৰত। কেমেৰাত বন্দী আদালতত ‘হাজিৰা’ দিবলৈ অহা হাতী।

উল্লেখ্য যে, উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ জিলা চেছন আদালত চৌহদত সেই সময়ত হাহাকাৰ লাগিল যেতিয়া প্ৰকাণ্ড বনৰীয়া হাতীটোৰ আবিৰ্ভাব হ’ল। আদালত চৌহদৰ ভিতৰত সোমাবলৈ যেন উদগ্ৰীৱ হৈ আছিল হাতীটো। ভিতৰত প্ৰৱেশৰ সুৰুঙা বিচাৰি কেইটামান মুহূৰ্ত ইফালে সিফালে চালে।