‘আদালতত হাজিৰা দিলেহি বন্যহস্তীয়ে’! গজৰাজক দেখি হাহাকাৰময় পৰিস্থিতি.....কিয় আদালতত গজৰাজে হাজিৰা দিলে?.....

elephant

‘আদালতত হাজিৰা দিলেহি বন্যহস্তীয়ে!’লোহাৰ গেট ভাঙি আদালত চৌহদত প্ৰৱেশ গজৰাজৰ। হাহাকাৰ পৰিস্থিতি আদালত চৌহদত। হাতীয়ে খেদিব নে গোচৰৰ শুনানি ল’ব?

বন বিভাগৰ লোকৰো ঘাম বাহিৰ কৰিলে গজৰাজে। এই আচৰিত ঘটনাটো ঘটিল উত্তৰাখণ্ডৰ হৰিদ্বাৰত। কেমেৰাত বন্দী আদালতত ‘হাজিৰা’ দিবলৈ অহা হাতী।

উল্লেখ্য যে, উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ জিলা চেছন আদালত চৌহদত সেই সময়ত হাহাকাৰ লাগিল যেতিয়া প্ৰকাণ্ড বনৰীয়া হাতীটোৰ আবিৰ্ভাব হ’ল। আদালত চৌহদৰ ভিতৰত সোমাবলৈ যেন উদগ্ৰীৱ হৈ আছিল হাতীটো। ভিতৰত প্ৰৱেশৰ সুৰুঙা বিচাৰি কেইটামান মুহূৰ্ত ইফালে সিফালে চালে। 

তাৰ পিছত মূৰেৰে হেচুকি ভাঙিলে মূল লোহাৰ গেটৰ তলা লগোৱা শিকলি। তাৰ পিছত গজগমেনেৰে প্ৰৱেশ আদালত চৌহদত। দিক হেৰুৱাই বনাঞ্চল এৰি জনাঞ্চলৰ ৰাজপথেৰে টহল দিয়া হাতীটো এনেদৰে আদালত চৌহদত প্ৰৱেশ কৰাত হুৱাদুৱাৰ সৃষ্টি হ’ল। 

সময়ত বন বিভাগৰ লোক উপস্থিত হ’ল। কিন্তু হাতীটো খেদিবলৈ গৈ বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰো ঘাম বাহিৰ হ’ল। অৱশেষত বহু কষ্টৰ অন্তত হাতীটো বনাঞ্চললৈ খেদি পঠোৱা হয়।

Category
Profile picture for user UB Photos