Ubwire

বুধবাৰে বিয়লি ঘিলামৰাত ভয়ংকৰ দুৰ্ঘটনা। বাইক আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ।ফলত দুগৰাকী কিশোৰ গুৰুতৰভাবে আহত হয়। 

প্ৰাথমিক তথ্য মতে, এ এছ ০৬-এছ- ১২৫১ নম্বৰ এখন বাজাজ পালচাৰ বাইক আৰু এ এছ ০৬- এ এন- ৮৩৮৪ নম্বৰৰ টাটা  লঘু বাহনৰ মাজত এই দুৰ্ঘটনা সংঘটিত হয়।দুৰ্ঘটনাত দুৰ্গেশ্বৰ বৰগোঁহাইৰ পুত্ৰ চাণক্য বৰগোঁহাই (১৯)আৰু ঘন চাংমাইৰ পুত্ৰ  ৰাতুল চাংমাই(১৮) গুৰুতৰ ভাবে আহত হৈছে।বুলি জানিব পৰা গৈছে আহত কিশোৰ দুজনক ঘিলামৰা সামূহিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।