Mahakumbh

প্ৰেমৰ কোনো ধৰ্ম, বয়স বা জাতি নাই। কোৱা হয় প্ৰেম অন্ধ। যিকোনো সময়ত যিকোনো মানুহৰ লগত প্ৰেম হ’ব পাৰে। মহাকুম্ভ মেলাত নাগা সাধু আৰু ৰাছিয়ান মহিলাৰ প্ৰেম কাহিনীয়ে চৰ্চা লাভ কৰিছে।

আমি প্ৰায় সকলোৱে জানো যে- সাধু, সন্তসকলে যাযাবৰী জীৱন-যাপন কৰি ভাল পায়। সেয়েহে, নাগা সাধুৰ প্ৰেমত পৰা ৰাছিয়ান মহিলাগৰাকীয়ে তাই নিজৰ দেশ এৰি ভাৰতত বসতি স্থাপন কৰিছে। ৰাছিয়াৰ মহিলাগৰাকীয়ে হিন্দু ধৰ্ম গ্ৰহণ কৰি ভাৰতত বাস কৰি হিন্দু ধৰ্মৰ নিয়ম মানি চলি আছে। অঘৰী সাধুক স্বামী হিচাপে মানি লৈছে ৰাছিয়ান মহিলা গৰাকীয়ে। এই প্ৰেম কাহিনীত নায়িকা ৰাছিয়াৰ আৰু নায়ক অঘোৰী নগা সাধু।