কুম্ভমেলালৈ অসমৰ উত্তৰ কমলাবাৰী সত্ৰৰ ১০০ জনীয়া সত্ৰাধিকাৰৰ দল....

mahakumbha

আজি মহাকুম্ভ মেলাৰ চতুৰ্থটো দিন
জনসমুদ্ৰত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ
‘একতা আৰু পৃথিৱী এক পৰিয়াল’ বাৰ্তাৰে আৰম্ভ মেলা
বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় সমাৱেশ মহাকুম্ভ
১২ বছৰৰ পিছত অনুষ্ঠিত হৈছে কুম্ভমেলা
মহাকুম্ভলৈ সমাৱেশ ঘটিব প্ৰায় ৪০ কোটি ভক্তৰ
ভক্তৰ নিৰাপত্তাৰ বাবে গঢ়ি তোলা হৈছে বিশেষ বেষ্টনী
ভিৰ-যান-বাহন ব্যৱস্থাপনাৰ বাবে ব্যৱহাৰ AI প্ৰযুক্তি
মোতায়েন কৰা হৈছে ৪০ হাজাৰ নিৰাপত্তাৰক্ষী  
১৩ হাজাৰ ৰে’ল, ২৫০খন বিমানেৰে সংযুক্ত প্ৰয়াগৰাজক


৭,৫০০ কোটি ব্যয় সাপেক্ষে মহাকুম্ভ মেলাত ২ লাখ কোটিৰ ৰাজহ সংগ্ৰহ হ’ব। ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰিৰ দিনটোলৈ কুম্ভমেলাত চলিব পবিত্ৰ স্নান পৰ্ব।

উল্লেখ্য যে, প্ৰয়াগৰাজত আৰম্ভ ৪৫ দিনীয়া মহাকুম্ভ মহোৎসৱ। ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ চলিব এই মেলা। প্ৰথমবাৰৰ বাবে প্ৰয়াগৰাজত নিৰ্মাণ নামঘৰ মণিকূট, ৰাঙলীচ’ৰা। প্ৰথমবাৰৰ বাবে কুম্ভমেলাত ‘প্ৰাগজ্যোতিষ’ নামেৰে বৃহৎ অনুষ্ঠান।

কুম্ভমেলালৈ যাব অসমৰ উত্তৰ কমলাবাৰী সত্ৰৰ ১০০ জনীয়া সত্ৰাধিকাৰৰ দল। সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ নেতৃত্বত যাব দলটো। সত্ৰাধিকাৰ গৰাকীৰ নেতৃত্বত নিৰ্মাণ হৈছে নামঘৰ মণিকূট। উত্তৰ কমলাবাৰী সত্ৰৰ শিল্পী বৈষ্ণৱ ৰাজীৱ কাকতিৰ নেতৃত্বত ৬ জনীয়া শিল্পী দলে নিৰ্মাণ কৰিছে নামঘৰ।

উত্তৰ কমলাবাৰী শিল্পী দল সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ নেতৃত্বত দলটো ১৮ জানুৱাৰীত ৰাওনা হ’ব কুম্ভমেলালৈ। দুয়োজনা গুৰুৰ অমৰ সৃষ্টি  ৰাম বিজয় নাট, দশাৱতাৰ নৃত্য সত্ৰীয়া নৃত্য, গায়ন বায়ন, আৰু ৭ দিনীয়া ভাগৱত ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰিব দলটোৱে।          

আনহাতে, ডঃ পীতাম্বৰ দেৱ গোস্বামীৰ নেতৃত্বত ৪০ জনীয়া আউনীআটী সত্ৰৰ এটি বৃহৎ বৈষ্ণৱৰ দলে অংশগ্ৰহণ কৰিব কুম্ভমেলাত।
 

Category