আধুনিকতাৰ নামত, বাৰে বাৰে প্ৰকৃতিয়ে কিয় কষ্ট ভুগিব লগা হয়? কিয় মানুহ জাতিটোৰ ইচ্ছা আকাংশাৰ বলি হয় প্ৰকৃতি? গুৱাহাটী মহানগৰীৰ সেউজীয়াবোৰ যেন এতিয়া অতীত হ'ল, আপুনি বা মই ইচ্ছা কৰিও ঘূৰাই নাপাম সেই প্ৰকৃতিৰ মনোমোহা অনুভৱ।
এইবাৰ ৰাজ্য চৰকাৰৰ চকু দীঘলীপুখুৰী পাৰৰ গছকেইডাল। উৰণ সেতুৰ নামত কটা হ’ব দীঘলীপুখুৰী পাৰৰ গছ। উৰণ সেতুৰ নামত কটা যাব দুশ বছৰীয়া পুৰণি গছ। বিনষ্ট হ’ব দীঘলীপুখুৰীৰ ঐতিহ্য আৰু সৌন্দৰ্য।