পুনৰবাৰ মহানগৰীৰ মাজমজিয়াত মাতৃক গুৰুলা গুৰুলকৈ প্ৰহাৰ কুলাংগাৰ পুত্ৰৰ.....

Harrasment

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত সংঘটিত হৈছে এক জঘন্য কাণ্ড। মহানগৰীৰ হেঙেৰাবাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপতে সংঘটিত হৈছে এই অমানৱীয় ঘটনা। বৃদ্ধা মাতৃক চৰম শাৰিৰীক নিৰ্যাতন পুত্ৰৰ। বৃদ্ধা মাতৃক ঘৰৰ চোতালত খুঁটাত বান্ধি জন্মদাত্ৰী মাতৃক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ লগতে মৰিয়াই মৰিয়াই গাত গৰম পানীও ঢালি দিছিল পুত্ৰই।

Harrasment

 

উল্লেখ্য যে, কুলাংগাৰ পুত্ৰৰ নাম সমৰজ্যোতি ভঁৰালী বুলি জানিব পৰা গৈছে। সমৰজ্যোতি ভঁৰালী সংবাদ প্ৰতিষ্ঠান এটাত কৰ্মৰত বুলি জানিব পৰা গৈছে।

আনহোতে দীৰ্ঘদিন ধৰি পুত্ৰই এনেদৰে শাৰিৰীক নিৰ্যাতন চলাই থকাৰ অভিযোগ তুলিছে চুবুৰীয়াই। একাংশ স্থানীয় লোকৰ মতে আলজেইমাৰ ৰোগৰ চিকাৰ মহিলাগৰাকী। 

খবৰ অনুসৰি ইতিমধ্যেই দিছপুৰ আৰক্ষী ঘটনা স্থলীত উপস্থিত হয় । আনহাতে দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে ঘৰৰ পৰাই আটক কৰিছে সমৰজ্যোতি ভৰালীক।

Category
Profile picture for user UB Photos