মৰিয়নী ঢেকীয়াজুলি চাহ বাগিচাত সংঘটিত হৈছে এক নৃশংস ঘটনা। সুৰামত্ত পিতৃৰ দাৰ ঘাপত গুৰুত্বৰভাৱে আঘাতপ্রাপ্ত ১৫ বছৰীয়া কন্যা। সোমবাৰে সংঘটিত হয় এই নৃশংস ঘটনাটো ।
উল্লেখ্য যে, ঢেকীয়াজুলি চাহ-বাগিচাৰ খেৰ লাইনৰ নিবাসী ললিত বাউৰী নামৰ লোকজনে দাৰে ঘপিয়ালে নিজ কন্যাক তুতুমণি বাউৰীক । অভিযুক্ত পিতৃয়ে দাৰে ঘপিয়াই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে কন্যাক । ইতিমধ্যে আৰক্ষীয়ে আটক কৰে পিতৃ ললিত বাউৰীক ।
আনহাতে, গুৰুতৰভাৱে আঘাতপ্রাপ্ত কন্যাক JMCHলৈ প্রেৰণ কৰা হৈছে । বৰ্তমান কিশোৰী গৰাকীয়ে জীৱন-মৃত্যুৰে যুজিঁ আছে হাস্পতালত।
অৱশ্যে কিয় এই ঘটনা সংঘটিত হ’ল এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ।
- Log in to post comments