Assm

অসম-মেঘালয় সীমান্তত গুলীচালনাৰ ঘটনা। সীমান্তৰ মুক্ৰ’ত অশান্ত পৰিস্থিতি। আৰক্ষী-বনকৰ্মীৰে সংঘৰ্ষ মেঘালয়ৰ লোকৰ। গুলীচালনাৰ ঘটনাত নিহত ৪ জনকৈ লোক। মেঘালয়ৰ বনদস্যুৰ আক্ৰমণত নিহত বনৰক্ষী। মেঘালয়ৰ বনদস্যুক কাৰ্বি আংলঙৰ পৰা অবৈধভাৱে কুণ্ডা সৰবৰাহ কৰাত বাধা দিয়াক লৈ সৃষ্টি হয় উত্তেজনা। খেৰণি বনাঞ্চলিক কাৰ্যালয় তথা মকৈলুম উপ-আৰক্ষী চকী অন্তৰ্গত মুক্ৰত কুণ্ডা সৰবৰাহ কৰা এখন ট্ৰাক জব্দ কৰাক কেন্দ্ৰ কৰি মেঘালয়ৰ প্ৰায় শতাধিক খাছী লোকে হাতে-হাতে দা, যাঠি-জোং আদি লৈ বনকৰ্মী আৰু আৰক্ষীৰ লোকক আক্ৰমণৰ কৰাৰ বাবে খেদি আহে। ফলত উপায়ন্তৰ আৰক্ষী আৰু বনকৰ্মীয়ে নিজৰ প্ৰাণ ৰক্ষাৰ বাবে দুৰ্বৃত্তক লক্ষ্য কৰি গুলি কৰিব