মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে দুখনকৈ নতুন কেটামাৰান জাহাজ!

ferry transport

মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে দুখনকৈ নতুন কেটামাৰান জাহাজ। এখনন MV কামেং আৰু আনখন MV জাজীঁ।

১২ খন ট্ৰেফিক ইন্টাৰচেপ্তৰো ভাৰ্চুৱেলি মুকলি কৰে মুখ্যমন্ত্ৰীয়ে । ১২ খন জিলাত বিতৰণ কৰা হ'ব ইন্টাৰচেপ্তৰ কেইখন। ব্ৰেথ এনালাইজাৰ, অট'মেটিক নম্বৰ প্লেট ৰিক'গনেশ্যনকে ধৰি অত্যাধুনিক সকলো সুবিধা আছে ইয়াত।

প্ৰতিটো বিধানসভা সমষ্টিৰ ৫০ জন লোকক বিনামূলীয়াৰ গাড়ী চলোৱা প্ৰশিক্ষন প্ৰদান কৰিছিল পৰিৱহন বিভাগে। আজি ৪ জন লোকক আনুষ্ঠানিভাৱে অনুজ্ঞাপত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।

ferry


২৮৯.৫ কোটি টকাৰে গুৱাহাটীত হ'ব বৃহৎ জাহাজ টাৰ্মিনেল । ইয়াক কোৱা হ'ব গুৱাহাটীৰ গেটৱে ঘাট হিচাপে । অসমত ভাৰতৰ ভিতৰত নদীৰ ওপৰত প্ৰথম হ'ব ইমান ডাঙৰ ফেৰি টাৰ্মিনেল । অত্যাধুনিক সকলো সুবিধা থাকিব ইয়াত। মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানতে আধাৰশিলা স্থাপন কৰে টাৰ্মিনেলটোৰ।

পৰিৱহন বিভাগৰ ১২ টা অনলাইন আধাৰযুক্ত সেৱাও মুকলি কৰে মুখ্যমন্ত্ৰীয়ে।

মধ্যভোগীৰ কৱলত নপৰাকৈ যানবাহনৰ নথি পত্ৰ সহজতে লাভ কৰা প্ৰধান উদ্দেশ্য এই অনলাইন সেৱাৰ।


মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষনত কয়, বেংকক, ছিংগাপুৰৰ দৰে হ'ব গুৱাহাটীত হ'ব লগা গেটৱে টাৰ্মিনেল। টাৰ্মিনলেৰ ভিতৰতে থাকিব দোকান পোহাৰ। ভাৰতৰ ভিতৰতে নদীত প্ৰথম হ'ব এইটো বৃহৎ টাৰ্মিনেল। আজিৰ পৰা ২ বছৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব টাৰ্মিনেলটো। 

ferry

মানকাচাৰ, ডিব্ৰুগড়কে ধৰি আন কেইবাঠাইটো হ'ব সৰু এনেধৰণৰ টাৰ্মিনেল আৰু ১০ খন কেটামাৰান জাহাজ অনা হ'ব। ২০২৪ ত সম্পূৰ্ণ হ'ব উত্তৰ গুৱাহাটী-গুৱাহাটী দলঙৰ কাম। এই টাৰ্মিনেলটো নদী পৰিৱহনৰ লগতে নদী পৰ্যটনৰ বাবে কাম কৰিব। নদী পৰ্যটনৰ বাবে ফাচীঁবজাৰ ঘাটৰ পৰা কামাখ্যালৈকে ৰ'পৱেৰ পৰিকল্পনা কৰা হৈছে।

লগতে খানাপাৰাৰ পৰা এয়াৰপৰ্টলৈ ৰপ'ৱে টাৰ্মিনেলৰ পৰিকল্পনা কৰা হৈছে। ৭ লাখ মানুহে আজি পৰিৱহন বিভাগৰ কাৰ্যালয়ত নহাকৈ প্ৰতিটো সেৱা লাভ কৰিবলৈ সক্ষম হৈছে। পৰিৱহন বিভাগ অনলাইন হোৱাৰ পিছত DTO অফিচৰ পৰিৱৰ্তে ডিলাৰেই দিব পাৰিব বাহনৰ নথি পত্ৰ।

Category