Birthday Partyয়ে কাল হল মনজিৎৰ! পুৱতি নিশা শিলপুখুৰীৰ ৰাজপথত তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি আছে মনজিৎ

murder

শুক্ৰবাৰে বিয়লি শিলপুখুৰীৰ ঘৰৰ পৰা জন্মদিনৰ পাটীলৈ বুলি কৈ ওলাই আহিছিল মনজিৎ৷

নিশা শেষ বাৰলৈ ফোনত মাতৃৰ সৈতে কথা হৈছিল মনজিৎৰ ৷ মাতৃক জন্মদিনৰ পাৰ্টীতে ভাত খাই থকা বুলি ফোনত জনাইছিল মনজিতে ৷

কিন্তু তাৰ পিছতো বহু দেৰিলৈ মনজিত ঘূৰি নহাত বাৰে বাৰে মনজিতলৈ মাতৃয়ে ফোন কৰিছিল যদিও ফোন ৰিচিভ কৰা নাছিল মনজিতে ৷ কিন্ত পুৱতি নিশা প্ৰায় ২মান বজাত এজন স্থানীয় লোকে মনজিৎ ৰাজপথত তেজেৰে ৰাঙলি হৈ পৰি থকা বুলি অৱগত কৰে পৰিয়ালক ৷

কিন্তু মাতৃ ঘটনাস্থলী পোৱাৰ পূৰ্বেই মনজিতক হস্পিতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷

মনজিৎৰ মাতৃ আৰু পৰিয়ালৰ লোকৰ অভিযোগ এয়া এক পৰিকল্পিত হত্যাকাণ্ড ৷ প্ৰেমৰ বাবেই এই হত্যাকাণ্ড হোৱা বুলি তেওঁলোকে সন্দেহ কৰিছে ৷

আনহাতে মাতৃ আৰু পৰিয়ালৰ মতে মনজিতৰ সৈতে যি গৰাকী যুৱতীৰ প্ৰেমৰ সম্পৰ্ক আছিল সেই যুৱতীগৰাকীকে ভাল পাইছিল মনজিতৰে বন্ধু এজনে ৷ পৰিয়ালৰ সন্দেহ তাৰ বাবেই হত্যাৰ বলি হ'বলগীয়া হ'ল নেকি মনজিৎ!

এতিয়া ন্যায় বিচাৰি আৰক্ষীৰ ওচৰত মনজিৎৰ পৰিয়াল ৷ অৱশ্যে মৰনোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে স্পষ্ট হ'ব এয়া হত্যাকাণ্ড নে আন কিবা?

Category
Profile picture for user UB Photos