Silpukhuri

শিলপুখুৰীৰ মমতা ৱেলনেছ নিচামুক্তি কেন্দ্ৰত অঘটন। নিচা মুক্তি কেন্দ্ৰটোত ৰহস্যজনকভাৱে মৃত্যু এজন যুৱকৰ। ৩০ মে’ত যুৱকজন ভৰ্তি কৰোৱা হৈছিল নিচামুক্তি কেন্দ্ৰত।

মৃত যুৱকজন আজাৰাৰ যোগীপাৰাৰ পিংকু নাথ। কেন্দ্ৰত যুৱকজনক প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ। কিয়নো মৃত পিংকু নাথৰ শৰীৰৰ বিভিন্ন স্থানত স্পষ্ট আঘাতৰ চিন। লগতে ভগা অৱস্থাত আছে যুৱকজনৰ এখন হাত। বৰ্তমান GMCHৰ মৰ্গত ৰখা হৈছে যুৱকজনৰ মৃতদেহ।