Tragic Story

মুছলমান যুৱকে কৰিলে এগৰাকী মগনীয়াৰ পুত্ৰৰ সৎকাৰ। বিভিন্ন জাতি উপজাতিৰ লগতে হিন্দু, মুছলিম সকলোৱে মিলি এইখন অসমতে একেতা ছাতিৰ তলত বাস কৰে। এতিয়াও একতাৰ ডোলেৰে বান্ধ খাই আছে হিন্দু, মুছলিম। সেই সমিলমিলৰ মহানুভৱতা দেখুৱালে তেজপুৰৰ হাৰিগাও আৰু গোতলং অঞ্চলৰ মুছলমান যুৱকে।

এগৰাকী মগনীয়াৰ একমাত্ৰ সাৰথি পুত্ৰ সন্তানটিৰ মৃত্যু হয় তেজপুৰ মেডিকেল কলেজত। তেজপুৰৰ মহাভৈৰৱ মন্দিৰলৈ অহা ভক্তসকলৰ পৰা আৰু মন্দিৰৰ পৰা দিয়া আহাৰ গ্ৰহণ কৰি খুজিমাগি মগনিয়াই দিছিল নিজ সন্তানটিক পোহপাল।