ৰাজপথৰ পিছত এইবাৰ পিকনিক প্লেছত আৰক্ষীৰ চলিব অভিযান!

Assam Police

মহানগৰ যানবাহন আৰক্ষীৰ মুখ্য কাৰ্যালয়ত মহানগৰ আৰক্ষীৰ সংবাদমেল সম্বোধন।

গুৱাহাটী বাসীক নৱবৰ্ষৰ শুভেচ্ছা জনালে যানবাহন আৰক্ষীৰ লগতে যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই।

সংবাদমেল সম্বোধন কৰি আৰক্ষীয়ে কয়, যোৱা নিশা আৰক্ষীৰ অভিযান সফল কৰাক লৈ ধন্যবাদ প্ৰতিগৰাকীলৈ।মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পাছত আৰক্ষীয়ে চলাইছিল এই অভিযান।

উল্লেখ্য় যে, যোৱা নিশা এটাও দুৰ্ঘটনা সংঘটিত নহ'ল, আমাৰ আশা এই অভিযান চলিত বৰ্ষটো চলি যাব। 

গুৱাহাটীত ৫৫ টা স্থানত চলিছিল আৰক্ষীৰ অভিযান। সুৰাপান কৰি গাড়ী চলোৱা কেচ পোৱা গৈছে ১১৫টা । চাব গ'লে একেবাৰে নগন্য এই সংখ্যা।

ডিচেম্বৰত হেলমেট নিপিন্ধা কেচ ৰুজু হৈছিল ১২১৩৪ টা। সুৰাপান কৰি গাড়ী চলোৱা ৬৩৮টা কেছ গুৱাহাটী মহানগৰীত ৰুজু হৈছিল ডিচেম্বৰ মাহত।

জৰিমনা কোনো ফুৰ্তিত কৰা নহয় এইয়া একমাত্ৰ ৰাইজক সজাগতা অনাৰ বাবেহে কৰা হয়। কিন্তু যিসকলে নিয়ম ভাঙে তেওঁ লোকে জৰিমনা দিবলৈ বেয়া নাপায়। আগষ্টৰ পৰা ডিচেম্বৰ লৈ ৩কোটি ৪০লাখ প্ৰতিমাহে জৰিমনা বিহা হৈছিল।

মনকৰিবলগীয়া যে, ডিচেম্বৰ মাহত ৪কোটি ৪০লাখ টকা জৰিমনা বিহা হৈছিল গুৱাহাটীত। 

আনহাতে, ২০১৮ চনত গোটেই বৰ্ষটোত গুৱাহাটীত মৃত্যু হৈছিল ২৫৮ জনৰ । সেই অনুপাতে ২০২১বৰ্ষত মৃত্যু হৈছে ২৪৭জনৰ।

চলিত বৰ্ষত ৰাইজৰ সহযোগত এই অভিযানৰ দ্বাৰা এই সংখ্যা শূণ্যলৈ লৈ যোৱা হ'ব। যোৱা নিশা ৭টা পথ দুৰ্ঘটনা হৈছে, ৬৬ খন অনুজ্ঞাপত্ৰ বাতিল কৰা হয়।

লগতে তেওঁ কয় যে, দেওবাৰৰ পৰা পিকনিক প্লেছত চলিব আৰক্ষীৰ অভিযান। অভিযানত পিকনিক খাবলৈ যোৱা সকলক লৈ যোৱা বাহনৰ চালকক পৰীক্ষা কৰা হ'ব। যদিহে সুৰাপান কৰে তেন্তে লোৱা হ'ব ব্যৱস্থা।

Category
Profile picture for user UB Photos