Gorchuk Police Station

অসম আৰক্ষীৰ এক বৃহৎ সাফল্য, অসমত ড্ৰাগছৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে অব্য়াহত থকা যুজত গড়চুক আৰক্ষীয়ে মঙলবাৰে গুৱাহাটীৰ আন্তঃৰাজ্যিক বাছ টাৰ্মিনাস (আইএছবিটি)ত চলোৱা এক অভিযানত এজন লোকক আটক কৰে আৰু নিচাজাতীয় টেবলেট জব্দ কৰে।

জানিব পৰা মতে আৰক্ষীয়ে যোৱা নিশা অসমৰ দক্ষিণ চালমাৰা-মানকাচাৰ জিলাৰ মানকাচাৰ অভিমুখী এখন নিশাৰ চুপাৰ বাছত তালাচী চলাইছিল।

ইফালে, গোচৰটোৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক মনচুৰ আলী বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে তেওঁৰ পৰা ৭২০০ টা নিচাযুক্ত চাম্পএফএক্স+ টেবলেট উদ্ধাৰ কৰে।