বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত মোজাম্মিল ইছলামক আটক।
শিৱসাগৰৰ আমগুৰি ঘাটৰ ঘৰৰ পৰা আটক মোজাম্মিল ইছলামক।বীৰ লাচিত সেনাৰ এজাহাৰৰ ভিত্তিত আটক।কৰে মোজাম্মিলক
সম্প্ৰতি আৰক্ষীৰ জিম্মাত আন দুই অভিযুক্ত আবিদুৰ ৰহমান আৰু ছেলিমোৰ ৰহমান।
উল্লেখ্যে যে, ২৩ আগষ্টৰ নিশা প্ৰায় ১০ বজাত শিৱসাগৰৰ প্ৰজাবস্তিত পথৰ কাষত সংজ্ঞাহীন অৱস্থাত উদ্ধাৰ হৈছিল সংগ্ৰামী যুৱক মানসজ্যোতি চেতিয়া। মঙলবাৰে পুৱা ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছিল মানসৰ। ২২ আগষ্টত বিহুবৰৰ এটা গৃহহীন পৰিয়ালক সহায় কৰিবলৈ গৈ স্থানীয় আবিদুৰ ৰহমান নামৰ লোকজনৰ পৰিয়ালৰ সৈতে বাক-বিতণ্ডা হৈছিল মানসজ্যোতিৰ। কিন্তু তাৰ এদিন পাছতেই ৰহস্যজনকভাৱে দুৰ্ঘটনাত পতিত হৈছিল মানসজ্যোতি চেতিয়া৷
- Log in to post comments