বাসগৃহত প্ৰৱেশ কৰি বিজেপি নেতাৰ পৰিয়ালক আক্ৰমণ দুৰ্বৃত্তৰ দলৰ

kokrajar news

কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত কাজিগাঁও বজাৰ অঞ্চলত চাঞ্চল্যকৰ ঘটনা। কাজিগাঁও বজাৰস্থিত পৰ্বতঝোৰা মণ্ডল বিজেপিৰ OBC মৰ্চাৰ সভাপতি মদন পালৰ গৃহত এদল দুৰ্বৃত্তৰ প্ৰৱেশ

হঠাত দুৰ্বৃত্তৰ দলটোৱে গৃহত প্ৰৱেশ কৰি বিজেপি নেতাগৰাকীৰ উপৰিও তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ ওপৰত দলবদ্ধভাৱে আক্ৰমণ কৰে।

প্ৰাপ্ত তথ্য অনুসৰি, কোনো কাৰণ নোহোৱাকৈ ঘৰত সোমাই দুৰ্বৃত্তৰ দলটোৱে বিজেপি নেতা মদন পালক মাৰপিট কৰাৰ উপৰিও বৃদ্ধা মাতৃ,পত্নী আৰু পৰিয়ালৰ কেইবাজনো সদস্যক প্ৰহাৰ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে। 

আনহাতে, এই আক্ৰমণৰ খবৰ পোৱাৰ লগে লগে কাজিগাঁও আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়।আঘাতপ্ৰাপ্ত বিজেপি নেতাগৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যসকলক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি  চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

উক্ত ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান কাজিগাঁও বজাৰ আৰু সমগ্ৰ পৰ্বতঝোৰা অঞ্চলজুৰি তীব্ৰ উত্তেজনা আৰু চাঞ্চল্যই বিৰাজ কৰিছে


 

Category