
ক্ৰমাৎ যেন হত্যা-হিংসাৰ বধ্যভূমিত পৰিণত হৈছে অসম ৷ প্ৰতিদিনেই এটাৰ পিচত আনটোকৈ চাঞ্চল্যকৰ অপৰাধ, হত্যাৰ ঘটনাই দখল কৰা পৰিলক্ষিত হৈছে সংবাদ মাধ্যমৰ শিৰোনাম ৷
হত্যা,হিংসা , ধৰ্ষণে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Sensational Incident)।
কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। হত্যা,হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্যকাণ্ড।
পুনৰ মহানগৰীত চাঞ্চল্যকৰ ঘটনা। এই মহানগৰীৰ গণেশগুৰিত সংঘটিত হৈছে চুৰিকাঘাটৰ ঘটনা
পত্নীয়ে চুৰিৰে আঘাট কৰিলে স্বামীক।দিছপুৰ থানাৰ সন্মূখত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো
স্থানীয় লোকৰ সহায়ত কথমপি প্ৰাণ ৰক্ষা পৰিল স্বামীৰ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ব্যক্তিজনক ততাতৈয়াকৈ প্ৰেৰণ কৰে চিকিৎসালয়লৈ।
আঘাট প্ৰাপ্ত ব্যক্তি গৰাকী ধীৰাজ দাস(৪৩) বুলি জানিব পৰা গৈছে।
- Log in to post comments