১৩ অক্টোবৰত অন্ত পৰে দীননাথ বৰুৱা আৰু লিলি বৰুৱা সোঁৱৰণী চলন্ত ট্ৰফী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ....

football

১৩ অক্টোবৰত সামৰণি পৰে দ্বিতীয় সংখ্যক দীননাথ বৰুৱা আৰু লিলি বৰুৱা সোঁৱৰণী চলন্ত ট্ৰফী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ। 
নগাঁৱৰ কাছমাৰী আঞ্চলিক ক্ৰীড়া সংস্থাৰ উদ্যোগত পলাশতল কাছমাৰী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা। 

football


১৩ অক্টোবৰত চূড়ান্ত খেলত ইন্দ্ৰধনু এফ চিক পৰাজিক কৰি গণজ্যোতি নৱজীৱন সংঘই লাভ কৰে চেম্পিয়নৰ খিতাপ। 
৩–২ গ’লৰ ব্যৱধানত বিজয়ী হয় গণজ্যোতি নৱজীৱন সংঘ। 
১৩ অক্টোবৰত অনুষ্ঠিত ফাইনেল খেলখন পৰিচালনা কৰে ৰেফাৰী কল্যাণ বৰুৱাই। 

football


লগতে, সহযোগিতা আগবঢ়ায় কৃষ্ণকান্ত দাস, সমীৰ বৰদলৈ আৰু হেমন্ত কোঁৱৰে। 
নগাঁও ক্ৰীড়া সংস্থাৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই শুভাৰম্ভ কৰা ফাইনেল খেলখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। 

football


ফাইনেলৰ শুভাৰম্ভণি অনুষ্ঠানত অংশ লয় বিশিষ্ট সাহিত্যিক পৰাণ বৰুৱা, ‘প্ৰথম খবৰ’ৰ মুখ্য সম্পাদক উৎপল বৰুৱা, নগাঁও জিলা ক্ৰীড়া সংস্থাৰ সাধাৰণ সম্পাদক তপন কুমাৰ দাস,ক্ৰীড়া সংগঠক উজ্জ্বল বৰুৱা, সমীৰ হাজৰিকা, সমাজকৰ্মী পংকজ বৰাই। 
গণজ্যোতি নৱজীৱন সংঘৰ গ’ল ৰক্ষক মাধৱ বৰদলৈয়ে এই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে।

football

Category