১৪টা সামগ্ৰীৰ অনুজ্ঞাপত্ৰ বাতিল! বিপদে লগ নেৰা হৈছে ৰামদেৱক, কি কি সামগ্ৰীৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ'ল?.....

ramdev

অসমীয়াত এষাৰ কথা আছে "বাৰিৰ পুখুৰি সিচোতেও দুই চাৰিজনক শিঙিয়ে বিন্ধে" আৰু সেই একে দখাই হৈছে আয়ুৰ্বেদিক সামগ্ৰী প্ৰস্তুত কোম্পানী ‘পতঞ্জলি’ আৰু বাব ৰামদেৱৰ লগত। এতিয়া যেন প্ৰতিটো মূহুৰ্ততে বিপদে যেন লগ নেৰা হৈছে বাবা ৰামদেৱক। কিছু দিন আগতে পতঞ্জলিৰ ১৪টা সামগ্ৰীৰ অনুজ্ঞাপত্ৰ।বাতিল কৰিলে উত্তৰাখণ্ড চৰকাৰে। 

উল্লেখ্য যে, বাতিল কৰা ১৪টা সামগ্ৰীৰ ভিতৰত ১৩টা সামগ্ৰীয়ে পতঞ্জলিৰ দিব্য যোগ ফাৰ্মাচীৰ বুলি জানিব পৰা হৈছে। অনুজ্ঞাপত্ৰ।বাতিল কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে - দৃষ্টি আই ড্ৰপছ, দশৰী গোল্ড, দশৰী ভাটি, দিব্যা ব্ৰুংকাম, দশৰী প্ৰভি, দশৰী আৱলেহ, মুক্ত ভাটি এক্সট্ৰা পাৱাৰ, লিপিডম, বি পি গ্ৰীট, মধুগ্ৰীত, মধুনাশিনী ভাটি এক্সট্ৰা পাৱাৰ, লিভামৰুট এডভান্স আৰু লিভগ্ৰিট গোল্ড। 

আনহাতে, পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে ইতিমধ্যে পতঞ্জলিৰ দুই মূল ব্যক্তি বাবা ৰামদেৱ আৰু বালকৃষ্ণৰ বিৰুদ্ধে অপৰাধমূলক অভিযোগ উত্থাপন হৈছে। ৰামদেৱ আৰু বালকৃষ্ণক আদালতৰ ওচৰত বিনাচৰ্ত ক্ষমা বিচৰাৰ পিছতো ৰেহাই দিয়া হোৱা নাই উচ্চতম ন্যায়ালয়ে। 

২৪ এপ্ৰিলত ৰামদেৱ আৰু বালকৃষ্ণই বাতৰি কাকতত বিজ্ঞাপন দি জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰিছিল। কেৱল সেয়াই নহয়, উত্তৰাখণ্ডৰ লাইচেন্সিং কৰ্তৃপক্ষকো আদালতত সমালোচনা কৰা হৈছিল। ইফালে উত্তৰাখণ্ড চৰকাৰৰ এই কাৰ্যই পতঞ্জলিৰ ওপৰত অধিক হেঁচা প্ৰয়োগ কৰে।

Category
Profile picture for user UB Photos