আঁঠুৰ বিষৰ পৰা হাত সাৰিবলৈ এইকেইটা অভ্যাস ত্যাগ কৰক........

knee pain

কর্মব্যস্ত জীৱনৰ বেছিভাগ সময় লেপটপ বা কম্পিউটাৰত বহি কাম কৰিবলগীয়া হয়। এনেবোৰ কাৰণতে আঁঠুৰ বিষত ভুগিব পাৰে। আঁঠুৰ বিষৰ পৰা মুক্ত হ'বলৈ আজিয়েই কেইটামান অভ্যাস ত্যাগ কৰিব লাগিব।

আঁঠু বিষৰ বাবে দীর্ঘ সময় ধৰি একে ঠাইতে বহি কাম কৰাৰ অভ্যাস ত্যাগ কৰক। কেতিয়াও একেলেথাৰিয়ে একেখন চকীত বহি কাম কৰি থাকিব নালাগে।

ওজন হ্রাস: ওজন বৃদ্ধি পালেও আঁঠুৰ বিষ হ'ব পাৰে। কেতিয়াও ওজন বৃদ্ধি হ'বলৈ দিব নালাগে। নিয়মিত শৰীৰ চৰ্চা, পৰিমিত খাদ্য গ্ৰহণ কৰক যাতে ওজন বৃদ্ধি নহয়।

সুষম আহাৰ গ্ৰহণ: আঁঠুৰ বিষ থাকিলে খাদ্য তালিকাত প্র'টিন আৰু ফাইবাৰ জাতীয় খাদ্য ৰাখিব লাগে। আনহাতে, ছডিয়ামজাতীয় খাদ্য গ্রহণ কৰিব নালাগে। গাঁঠিৰ বিষত ছডিয়ামযুক্ত আহাৰ উপযোগী নহয়। আঁঠুৰ বিষত আক্রান্ত হ'লে চিকিৎসকৰ কাষ চাপিব লাগে।

Category
Profile picture for user UB Photos