পাকিস্তানত বৃদ্ধি পাইছে উৎকণ্ঠাৰ। সাধাৰণ নিৰ্বাচনৰ ফলাফলক লৈ উৎকণ্ঠা বৃদ্ধি পাকিস্তানত। এতিয়াও চৰকাৰীভাৱে ঘোষিত হোৱা নাই ফলাফল।
ঘোষিত হৈছে ২২০খন আসনৰ ফলাফল। ইমৰাণ খান সমৰ্থিত নিৰ্দলীয় পাইছে ৯২ আসন, PML-Nএ পাইছে ৬৩খনকৈ আসন, পাকিস্তান পিপ’লছ পাৰ্টীয়ে পাইছে ৫০খন আসন, অন্যান্যই লাভ কৰিছে ১৯খন আসন।
পাকিস্তান সৈন্যৰ পছন্দৰ প্ৰাথী নৱাজ শ্বৰীফ। অসমৰ্থিত সূত্ৰ মতে নৱাজ শ্বৰীফে গঠন কৰিব চৰকাৰ।
পাকিস্তান মুছলীম লীগ-নৱাজ দলৰ শীৰ্ষ নেতা তথা দেশখনৰ তিনিবাৰৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে লাহোৰত পাকিস্তান পিপ’লছ পাৰ্টী আচিফ জাৰ্দাৰীৰ সৈতে বৈঠকত মিলিত হৈছে। আশা কৰা ধৰণে নৱাজ শ্বৰীফ আচিফ জৰ্দাৰীৰ সৈতে মিলি চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে।
- Log in to post comments