৬০ কোটি বছৰৰ পুৰণি এখন নৈ! ক'ত আছে এই নৈ খন? জানো আহক.........

Himalayas

পৃথিৱীৰ সর্ববৃহৎ পৰ্বতমালা হিমালয়ক লৈ বৰ্তমানো ৰহস্যৰ ওৰ পৰা নাই। বহু কাহিনী, উপ-কাহিনীৰ সমাহাৰ এই পৰ্বতমালা। এই হিমালয়ৰ বুকুত আছে বহু হিমবাহ। প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত হিমবাহ সমূহে গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰে।

শেহতীয়াকৈ, বেংগালুৰুস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অব্ ছায়েন্স আৰু জাপানৰ নিগাকাৰ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে হিমালয়ত ৬০ কোটি বছৰৰ পুৰণি নৈৰ সম্ভেদ দিছে। গৱেষকৰ দলে হিমালয়ত খনিজ পদাৰ্থ অধ্যয়নকালত বহু পুৰণি নৈৰ সম্ভেদ দিছে।

গৱেষণাৰ সময়ত গৱেষকসকলে কোৱা মতে, পৃথিৱীখন বৰ্তমানৰ পৰা ৭০০-৫০০ নিযুত বছৰ পূৰ্বে ডাঠ বৰফেৰে আৱৰি আছিল। সেই সময়ৰ এই অৱস্থাক স্ন'বল আৰ্ট গ্লেচিয়েচন বুলি কোৱা হয়। 

এই সমগ্ৰ অধ্যয়নকালত গৱেষকসকল নিশ্চিত হৈছে যে, বৰ্তমান সময়ৰ পৰা ৬০ কোটি বছৰৰ পূৰ্বে হিমালয় আছিল এখন নৈ। য'ত পানীৰ অস্তিত্ব থকা সকলো ইংগিত পোৱা গৈছে। এতিয়া সাগৰসদৃশ সেই ঠাইত হিমালয় পৰ্বতমালা সদম্ভে থিয় দি আছে।

Category