Himalayan

পৃথিৱীৰ সর্ববৃহৎ পৰ্বতমালা হিমালয়ক লৈ বৰ্তমানো ৰহস্যৰ ওৰ পৰা নাই। বহু কাহিনী, উপ-কাহিনীৰ সমাহাৰ এই পৰ্বতমালা। এই হিমালয়ৰ বুকুত আছে বহু হিমবাহ। প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত হিমবাহ সমূহে গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰে।

শেহতীয়াকৈ, বেংগালুৰুস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অব্ ছায়েন্স আৰু জাপানৰ নিগাকাৰ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে হিমালয়ত ৬০ কোটি বছৰৰ পুৰণি নৈৰ সম্ভেদ দিছে। গৱেষকৰ দলে হিমালয়ত খনিজ পদাৰ্থ অধ্যয়নকালত বহু পুৰণি নৈৰ সম্ভেদ দিছে।