'তুমি মোৰ ওচৰত গুছি আহা নহলে তোমাক মাৰি পেলাব!' ফাদিল হৈছে ইটোৰ পিছত সিটো ভয়ংকৰ তথ্য

Junmoni

ফাদিল হৈছে ইটোৰ পিছত সিটো ভয়ংকৰ তথ্য। এইবাৰ হাচিনা বেগমৰ বিস্ফোৰক মন্তব্য। হাচিনা বেগমে কয়- 'জোনমণি ৰাভাক হত্যা কৰা হৈছে। নাওবৈচা থানাৰ আৰক্ষী মিলি আছে এই ঘটনাত। আৰক্ষী বিষয়া সঞ্জীৱ বৰাই পইচাৰ বাবে সকলো কাম কৰাৰ অভিযোগ। ছহীদ জাকিৰ গেঙৰ লোকে মোৰ ঘৰত আক্ৰমণ কৰে। আজগৰ আলীক সংৰক্ষণ কৰিছে পুলিচে।' কেৱল এয়াই নহয় আজগৰ আলীয়ে সোণ কটা ভিডিঅ' আৰু মেচেজ IC লৈ প্ৰেৰণ কৰাৰ তথ্যও দিয়ে হাচিনা বেগমে। লখিমপুৰ আৰক্ষী থানাৰ অতিৰিক্ত আৰক্ষী বিষয়া ৰুনা নেওগৰ পৰাও আহিছিল ভাবুকি। মৃত্যুৰ এদিন পূৰ্বে জোনমণি ৰাভায়ে ফোন কৰিছিল হাচিনা বেগমলৈ আৰু কৈছিল তুমি মোৰ ওচৰত গুছি আহা নহলে তোমাক মাৰি পেলাব। হাচিনা বেগমৰ এই বিস্ফোৰক মন্তব্যৰ পিছতেই অধিক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা।  

Category