বনৰীয়া ম’হৰ সন্ত্ৰাসত আতংকিত চন্দ্ৰপুৰৰ পাণবাৰী অঞ্চলৰ ৰাইজ...

Chandrapur Buffalo Attack news...

বনৰীয়া ম’হৰ সন্ত্ৰাসত আতংকিত চন্দ্ৰপুৰৰ পাণবাৰী অঞ্চলৰ ৰাইজ। এই পৰ্যন্ত ম’হৰ আক্ৰমণত ৩জন লোক আহত হৈ ভৰ্তি হৈছে GMCHত। ডিগাৰুপাৰৰ ৰাজমণি বিশ্বাস, কুৰকুৰীয়াৰ চাহানাৰা খাতুন আৰু জাহানাৰা খাতুন ম’হৰ আক্ৰমণত আহত হৈ হাস্পতালত ভৰ্তি। সন্ধিয়াৰ ভাগত কুৰকুৰীয়াৰ শাক–পাচলিৰ বজাৰত বজাৰ কৰি থাকোঁতেই বনৰীয়া ম’হটোৱে বজাৰত প্ৰৱেশ কৰি এফালৰ পৰা আক্ৰমণ কৰি যায়। ম’হটোৰ আক্ৰমণত লোককেইজন আহত হোৱাৰ উপৰিও কেইবাখনো গাড়ীৰ ক্ষতিসাধন হয়। স্থানীয় ৰাইজে জনোৱা মতে পবিতৰা অভয়াৰণ্যৰ পৰা ২টাকৈ বনৰীয়া ম’হে জনাঞ্চলত প্ৰৱেশ কৰি আতংকৰ সৃষ্টি কৰে।  

 

 

 

Category