মহানগৰীত চাঞ্চল্যঃ মহানগৰীৰ কইনাধৰাত দুৰ্বৃত্তৰ গুলীত নিহক যুৱক......

ghy

গুৱাহাটী মহানগৰীৰ কইনাধৰাত বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হয় এক গুলীচালনাৰ ঘটনা। কইনাধৰাৰ অঞ্জন নাথ নামৰ এজন যুৱকক গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই। 

ghy

জানিব পৰা মতে, বৃহস্পতিবাৰে সন্ধিয়া অঞ্জন নাথ কইনাধৰাৰ শহুৰেকৰ ঘৰলৈ গৈছিল। এখন পালছাৰ বাইকত আহি থকা অঞ্জনক কইনাধৰা পোৱাৰ পাছতেই স্কুটীৰে অহা দুৰ্বৃত্তই বুকুত গুলীয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। সংকটজনক অৱস্থাত অঞ্জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তেওঁৰ মৃত্যু হয়। 

আনহাতে, মৃত অঞ্জন নাথৰ ঘৰ বশিষ্ঠৰ লতাকটাত বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ প্ৰাৰম্ভিত তদন্ত আৰম্ভ কৰে।

Category
Profile picture for user UB Photos