আপুনি বাৰু নীলা চাহ খায় পাইছে নে? যদি খোৱা নাই তেন্তে খাবলৈ আৰম্ভ কৰক, কিয়নো নীলা চাহত আছে স্বাস্থ্যৰ পক্ষে বহু উপকাৰী গুণ......

blue tea

অসমীয়া সমাজত পুৱা শুই উঠিয়ে দিনটোৰ আৰম্ভণি কৰা হয় একাপ চাহৰ দ্বাৰা আৰু সন্ধিয়াৰ নামি অহা লগে লগে দিনটোৰ অৱসাদবোৰো কেৱল একাপ চাহৰ দ্বাৰাই নোহোৱা কৰা হয়। চাহ খাই ভাল নোপোৱা খুব কম সংখ্যক মানুহে আমাৰ মাজত দেখিবলৈ পোৱা যায়। ৰঙা চাহতকৈ গাখীৰ চাহৰ ছাহিদা বেছি যদিও গাখীৰৰ চাহ কিন্তু আমাৰ স্বাস্থ্যৰ বাবে উপযোগী নহয়।

blue tea

বৰ্তমান সময়ত কিন্তু স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বহুতে ৰঙা চাহ বা গ্ৰীণ টি খোৱাহে দেখিবলৈ পোৱা যায়। ইয়াৰ মাজতে আৰু এবিধ চাহ সকলোৰে মাজত জনপ্ৰিয় হ'বলৈ ধৰিছে। সেইবিধ হ'ল নীলা চাহ। এই নীলা চাহবিধ দেখিবলৈ খুবেই আকৰ্ষণীয় হোৱাৰ লগতে ইয়াৰ বহুতো উপকাৰী গুণ আছে।

তেন্তে আজি জানো আহক এই নীলা চাহবিধৰ উপকাৰীতাৰ বিষয়ে -

blue tea

গ্ৰীণ টি-ৰ সমানেই উপকাৰী ব্লু টি বা নীলা চাহ। এই নীলা চাহত এন্টিঅক্সিডেন্ট  থকাৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ডাই ইউৰেটিক হোৱা বাবে ইউৰিনেছনত সহায় কৰে। 

ঠাণ্ডা লগাৰ সমস্যা দূৰ কৰাত সহায় কৰে। ডায়বেটিছ ৰোগীৰ বাবে এই নীলা চাহ বিশেষভাৱে উপকাৰী।

নীলা চাহ ছাল আৰু চুলিৰ বাবেও বিশেষ উপকাৰী। এন্থোছায়ানিন থকাত চুলি সৰাৰ সমস্যাতো কাম কৰে নীলা চাহে।

নিয়মিত এই চাহ পান কৰিলে হতাশা মুক্তিৰো মহৌষধ। কেন্সাৰৰ সম্ভাৱনা কমোৱাত সহায় কৰে এইবিধ চাহে।

কেনেকৈ তৈয়াৰ কৰা হয় এই চাহবিধ ?

blue tea

একাপ অপৰাজিতা নীলা চাহ বনাবলৈ লাগে ৪-৫টা শুকান নীলা অপৰাজিতা ফুলৰ পাপৰি। গৰম পানীত সেই শুকান পাপৰি দি পাঁচৰ পৰা সাত মিনিট ভিজিব দিব লাগে। চাহৰ ৰং লাহে লাহে নীল হ'বলৈ আৰম্ভ কৰিলে কাপত ঢালি দিব। বিচাৰিলে চেনী আৰু নেমুৰ ৰসো মিলাব পাৰে। অৱশ্যে নেমুৰ ৰস দিলে নীলা ৰঙৰ সলনি সামান্য বেঙুনী হৈ যাব চাহকাপ। স্বাদ বঢ়াবলৈ চাহৰ সৈতে লং, দালচেনী, ইলাচীও মিহলাব পাৰে।

Category
Profile picture for user UB Photos